وَاِنْ تُطِعْ اَكْثَرَ مَنْ فِى الْاَرْضِ يُضِلُّوْكَ عَنْ سَبِيْلِ اللّٰهِ ۗاِنْ يَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ هُمْ اِلَّا يَخْرُصُوْنَ
wa in tuṭi‘ akṡara man fil-arḍi yuḍillūka ‘an sabīlillāh(i), iy yattabi‘ūna illaẓ-ẓanna wa in hum illā yakhruṣ ūn(a).
আৰু যদি আপুনি এই পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰে তেন্তে নিশ্চয় তেওঁলোকে আপোনাক আল্লাহৰ পথৰ পৰা বিপথে পৰিচালিত কৰিব। তেওঁলোকে যি অনুসৰণ কৰে সেয়া কেৱল জল্পনা-কল্পনা আৰু তেওঁলোকে কেৱল মিছা কথাহে ৰচনা কৰে।
وَلَا تَقْفُ مَا لَيْسَ لَكَ بِهٖ عِلْمٌ ۗاِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ اُولٰۤىِٕكَ كَانَ عَنْهُ مَسْـُٔوْلًا
wa lā taqfu mā laisa laka bihī ‘ilm(un), innas-sam‘a wal-baṣara wal-fu'āda kullu ulā'ika kāna ‘anhu mas'ūlā(n).
আৰু তোমালোকৰ কোনো জ্ঞান নথকা বস্তুৰ অনুসৰণ নকৰিবা, কিয়নো শ্ৰৱণ, দৃষ্টি আৰু বিবেক সকলোকে ইয়াৰ বিষয়ে প্ৰশ্ন কৰা হ’ব।